লংকাঃ ক্ৰমাত অপৰাধ-অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱা লংকা চহৰত সোমবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা৷ দুখন বাইকত অহা অচিনাকী দুৰ্বৃত্তৰ গুলীত ধাৰাসায়ী হয় লংকাৰ এজন ব্যৱসায়ী আৰু তেওঁৰ সতীৰ্থ৷
ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, সোমবাৰে নিশা লংকাৰ ব্যবসায়ী বিপ্লৱ দে আৰু দেৱজিত দত্তই নিজ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ আহি থকাৰ পথত ৰংমহলাৰ সমীপত পালচাৰ বাইক আৰু কৰিস্মা বাইক লৈ অহা চাৰি দুৰ্বৃত্তই দুই ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে আৰু দুৰ্বৃত্তৰ দলটোৱে বিপ্লৱ দেৰ পৰা এটা লেপটপ, নগদ ধন, চেক, মোৱাইল আৰু ডিঙিৰ সোণৰ চেইন লুটি লৈ যায়।