59
মোৰাজাৰঃ এইবাৰ হাতী নহয়,মহৰ তাণ্ডৱত আহত হয় এজন শিশু৷ বিগত দিনবোৰত বানপানীয়ে ভয়ঙ্কৰ ৰূপ লোৱাত সকলো পিনে বনৰীয়া জীৱ জন্তু বোৰ দিক-বিদিক হেৰুৱাই যতে-ততে থিতাপি লোৱা দেখা গৈছে।
আজি পুৱা তেনেদৰে থিতাপি লোৱা বনৰীয়া মহৰ আক্ৰমণৰ বলি হল হোজাইৰ মাটিখোলাৰ আদৰ্শ মণ্ডল নামৰ শিশুটি। শিশুটিৰ বয়স আঠ বছৰ। ঘৰৰ চোতালত খেলি থকা অৱস্থাত হঠাৎ তিনিটা বনৰীয়া মহৰ জাকটোৱে ঘৰৰ চৌহদত প্ৰৱেশ কৰি আক্ৰমণ চলায়৷ ফলত শিশুটি গুৰুত্বৰ ভাবে আহত হয়৷