www.newsnextone.com| নগাঁওঃ হৰিণা হত্যাৰ অপৰাধত বলিউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানৰ জেল হ'ব পাৰে অথচ মানুহ হত্যা কৰিও বিগত পাঁচটা বছৰে আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি নিৰ্বিঘ্নে হত্যাকাৰীয়ে মুকলি আকাশৰ তলত ঘুৰি-ফুৰা এক ঘটনাই এতিয়া নগাঁও জিলাত আৰক্ষীৰ ভূমিকাৰ প্ৰতি সৰ্বসাধাৰণক সন্দিহান কৰি তুলিছে।

প্ৰাপ্ত খবৰ মতে, নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত ধুপগুৰি পথাৰ গাঁৱত বিগত ২০১৪ চনত ওৱাইজুল হক নামৰ লোকজনে সহোদৰ ভাতৃক হত্যা কৰাৰ অভিযোগত লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছতো বিগত পাঁচটা বছৰে অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে লাখ টকাৰ বিনিময়ত ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুত্বৰ অভিযোগ উঠিছে৷ যাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণে স্বাভাবিকতেই আজিৰ তাৰিখত আইনৰ প্ৰতি আস্থা হেৰুৱাই পেলোৱাৰ উপক্ৰম ঘটা পৰিলক্ষিত হৈছে। 

জানিব পৰা মতে, সামান্য ঘটনাক কেন্দ্ৰ কৰি বয়সত সৰু হৈয়ো ওৱাইজুল হকে হিতাহিত জ্ঞান হেৰুৱাই ককায়েকক নির্মমভাৱে হত্যা কৰা বুলি ইতিমধ্যে গোচৰ ৰুজু কৰিছিল পৰিয়ালৰ লোকে। ঘটনা সংঘটিত হোৱাৰ পিছত ধিং আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০২/৩৪ ধাৰাত ১১৬/২০১৪ নং এক গোচৰ পঞ্জীয়ন হয় যদিও আৰক্ষীয়ে হত্যাকাৰীক আজি পৰ্যন্ত কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই৷

উল্লেখ্য, সম্প্ৰতি নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰব্রত ৰায় মেধিয়ে নগাঁও আৰক্ষীক অধিক ক্ষীপ্ৰতৰ কৰি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰি থকাৰ সময়তে বিভাগটোৰ এচাম দূৰ্নীতিপৰায়ণ আৰক্ষী বিষয়াৰ গাফিলতিৰ বাবেই হত্যাৰ গোচৰত অভিযুক্তই মুক্ত মনে ঘুৰি ফুৰা এই ঘটনাই আৰক্ষী অধীক্ষক গৰাকীৰ প্ৰচেষ্টা অথলে যোৱাৰ উপক্ৰম ঘটা বুলি ব্যাপক চৰ্চা চলিছে সচেতন লোকসকলৰ মাজত৷ আনকি শেহতীয়াকৈ ২০১৮ বৰ্ষৰ ২০ আগষ্টত হত্যাকাৰী হিচাপে অভিযুক্ত ওৱাইজুল হকে গুৱাহাটী উচ্চ ন্যায়ালয়ত এৰি ১৪৩/২০১৪ গোচৰত জনোৱা অগ্ৰিম জামিন আবেদন মহামান্য ন্যায়ালয়ে পোনচাটেই নাকচ কৰে। তেনে স্থলত এইজন আচামী কাৰ আর্শীবাদত হেণ্ডকাফমুক্ত ভাৱে অবাধে বিচৰণ কৰি থাকিব পাৰিছে তাক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে৷ 

ইফালে, জিলাখনৰ বিভিন্ন প্ৰান্তৰ এচাম অপৰাধীৰে "এন্টি কৰপশ্বন চিভিল ছ'চাইটি" নামৰ এটি এন জি অ' গঠন কৰি আৰ টি আইৰ নামত ব্যাপকভাৱে ব্লেকমেইলিংৰে ধন দাবীৰো গুৰুত্বৰ অভিযোগ উঠিছে। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য বিচাৰি বিভিন্ন বিভাগসমূহত আবেদন দাখিল কৰি তথ্য বিচাৰি বিভাগৰ বিযয়া-কৰ্মচাৰীক দাবী-ধমকি দি ব্লেকমেইলিঙ পৰ্যন্ত কৰি থকাৰ অভিযোগ সৰ্বতে। কিছুদিন পূৰ্বলৈকে এখন বাইচাইকেল ক্ৰয় কৰাৰ সামৰ্থ্য নথকা এইগৰাকী ওৱাইজুল হকে হঠাৎ বিলাসী গাড়ী কিনাৰ ধন ক'ত পালে বুলিও চাৰিওফালে প্ৰশ্ন উত্থাপিত হৈছে। 

বৰ্তমান এক বিলাসী জীৱনত মচগুল নিজ ককায়েকক হত্যাৰ অভিযোগত অভিযুক্ত ওৱাইজুলে হঠাতে আলাদিনৰ চাকি ক'ত পালে? সচেতন মহলে ইয়াৰ ওপৰত ন্যায়িক তদন্তৰ দাবী কৰিছে। আৰ টি আইৰ নামত ব্যাপক বেহা আৰম্ভ কৰা বুলি গুৰুত্বৰ অভিযোগ উঠা এইগৰাকী ব্যক্তিৰ বিৰুদ্ধে তদন্ত কৰিলেই সকলো সত্য ওলাই পৰিব বুলি মন্তব্য কৰিছে স্থানীয় একাংশ ব্যক্তিয়ে। 

আনপিনে বটদ্রবা সমষ্টিৰ বিজেপি বিধায়িকা আঙুৰলতা ডেকাৰ অতি প্রিয়ভাজন বুলি সততে দম্ভালি মাৰি ফুৰা ওৱাইজুল হক নামৰ দাগী অপৰাধীজনে বিধায়িকা আঙুৰলতা ডেকাৰ পৰা ঐশ্বৰিক শক্তি লাভ কৰি কাৰামুক্ত জীৱন যাপন কৰিবলৈ সক্ষম হৈছে নে কোনোবা আৰক্ষী বিষয়াক মেনেজ কৰি কাৰামুক্ত জীৱন যাপন কৰিবলৈ সক্ষম হৈছে? এয়া সচেতন নগাঁওবাসীৰ বাবে এতিয়া লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে ৷