গুৱাহাটীঃ অৱশেষত ধৰা পৰিল অষ্ট্ৰেলিয়াৰ খেলুৱৈই কঢ়িযাই অনা বাছত শিল দলিওৱা অভিযুক্ত৷ মহানগৰ আৰক্ষীয়ে যোৱা ৪ দিনে চলোৱা অভিযানৰ অন্তত সফল হ’ল শনিবাৰে নিশা৷ আৰক্ষীয়ে এজন নাবালক সহ চাৰিজন যুৱকক আটক কৰিবলৈ সক্ষম হয়৷ তিনিগৰাকী গুৱাহাটী মহানগৰৰ মাজ-মজিয়াৰ আৰু এগৰাকী ছয়গাঁৱৰ যুৱক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷গড়চুক আৰক্ষী খানাত যুৱককেইজনক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। মনোজ মেধি নামৰ যুৱকজনে শিল দলিওৱা বুলি জানিব পৰা গৈছে।
১০ অক্টোবৰৰ নিশা প্ৰায় ১১-২০ বজাত সংঘটিত এই ঘটনাই লজ্জানত কৰিছিল অসমীয়া জাতিক৷ মহানগৰীৰ মাজ মজিয়াৰ লখৰাৰ সাউকুছিত সংঘটিত এই ঘটনাৰ সৈতে দুগৰাকী স্থানীয় যুৱকো জড়িত আছে৷ তেওলোককো ইতিমধ্যে আৰক্ষীয়ে জালত পেলাইছে৷ উক্ত নিশা তেওলোকে পথৰ দাতিৰ পৰা শিল বুটলি এন্ধাৰৰ সুযোগ লৈ শিল দলিওৱা বুলি স্বীকাৰ কৰাৰ কথাও আৰক্ষীয়ে প্ৰকাশ কৰে৷