মঙলদৈঃ ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী সু-নন্তানে৷ মঙলদৈৰ ভাস্কৰ্য শিল্পী দাদুল চলিহাক বিশ্বৰ অন্যতম সন্মানীয় ‘দ্য ইউনিভাৰ্ছেল আৰ্টিষ্ট’ বঁটাৰ বাবে নিৰ্বাচিত হোৱাত গৌৰৱান্বিত কৰিছে ৰাজ্যবাসীক। লিঅ’নাৰ্ডো ডা ভিন্সিৰ সোঁৱৰণত প্ৰৱৰ্তন কৰি অহা বঁটা অহা ২০ জানুৱাৰীত ইটালীৰ ফ্লৰেঞ্চৰ বাৰ্গিজ প্ৰেক্ষাগৃহত দাদুল চলিহাক প্ৰদান কৰিব বুলি জানিব পৰা গৈছে৷
এই সন্মান লাভ কৰা দাদুল চলিহা ভাৰতবৰ্ষৰ প্ৰথমগৰাকী ভাস্কৰ্য শিল্পী বুলি ইতিমধ্যে প্ৰকাশ হৈছে। আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী মঙলদৈ তথা অসমৰ সু-সন্তান দাদুল চলিহাই ‘দ্য ইউনিভাৰ্ছেল আৰ্টিষ্ট’ সোঁৱৰণত প্ৰৱৰ্তন কৰা ২০১৮ বৰ্ষৰ দ্য ইউনিভাৰ্ছেল আৰ্টিষ্ট বঁটা চছিয়েল মিডিয়াত বিগত সময়ছোৱাত প্ৰকাশ কৰা চিত্ৰ কৰ্মৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ঠাইত তেওঁৰ চবি সমূহ পদৰ্শনে তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰাত সহায় কৰিছিল।