ডিফুঃ "ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ভাষা, সাহিত্য-সংস্কৃতি উত্তৰণৰ বাটকটীয়া ৷" আজি কাৰবি আংলং জিলাৰ বকলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ পৰীক্ষা গৃহত চিংথুৰ প্ৰকাশনে আয়োজন কৰা ৰংবং তেৰাঙ সমন্বয় বঁটা প্ৰদান অনুষ্ঠানত বঁটা গ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট সাংবাদিক, সাহিত্যিক আৰু বুদ্ধিজীৱি হোমেন বৰগোঁহাঞিয়ে ৷

ভাষণ প্ৰসংগত বিশিষ্ট বুদ্ধিজীৱিজনে কয় যে, কাৰ্বি পাহাৰৰ সেউজীয়া আৰু ইয়াৰ মানুহৰ সৰলতাখিনিয়ে তেওঁক বাৰম্বাৰ কাৰ্বি আংলং জিলাৰ প্ৰতি আকৰ্ষিত কৰি আহিছে ৷ তেওঁ ৰংবং তেৰাঙক ভাষা-সাহিত্যৰ উজ্বল তাৰকা আৰু পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ জীৱন্ত প্ৰতীক বুলি কয়৷ বৰগোঁহাঞি নিজেও ৰংবং তেৰাঙৰ সমন্বয় যাত্ৰাৰ অংশীদাৰ বুলি কয় ৷ কাৰ্বি পাহাৰত কাৰ্বি ভাষা সাহিত্যৰ লগতে অনান্য ভাষা সাহিত্যৰো সমান উত্তৰণত সন্তুষ্টি প্ৰকাশ কৰে সাহ্ত্যৰ কাণ্ডাৰীজনে  ৰংবং তেৰাঙৰ সৃষ্টি সমূহ বুটলি আনি কিতাপ আকাৰত সংকলন কৰাত চিংথুৰ প্ৰকাশনৰ লগতে বিশ্বজ্যোতি হাজৰিকাক ভূয়সী প্ৰসংশা কৰে ৷

আনহাতে পদ্মশ্ৰী ৰংবং তেৰাঙে ভাষণ প্ৰসংগত কয় যে, ভাষা সাহিত্যৰ এক সুকীয়া বৈশিষ্ট্য আছে  ৷পাহাৰীয়া জিলাখনত নৱ প্ৰজন্মই নিজস্ব বৈশিষ্টৰে সাহিত্য সৃষ্টি কৰাত মনোনিবেশ কৰি আহিছে ই  শুভ লক্ষণ ৷ তেওঁৰ সৃষ্টিৰাজিক বহু কষ্টৰে কিতাপ আকাৰত সংকলিত কৰাৰ বাবে চিংথুৰ প্ৰকাশলৈ ধন্যবাদ জ্ঞাপন কৰে ৷

বঁটা প্ৰদান অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ কেইবাগৰাকী বিশিষ্ট সাহিত্যিক সাংবাদিক উপস্থিত থাকি মূল্যৱান ভাষণ প্ৰদান কৰে ৷ বিশিষ্ট লেখক আৰু জ্যেষ্ঠ সাংবাদিক পৱিত্ৰ বৰাই ভৱেন কোঁচৰ শিশু উপন্যাস পৃথিৱীৰ অতিথি আৰু ৰংবং তেৰাঙৰ প্ৰৱন্ধ সংকলনৰ তৃতীয় খণ্ডটি উন্মোচন কৰে ৷

বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঞিক বঁটাৰ সৈতে কিতাপৰ টোপোলা, কাৰবি চয়হংথৰ,(জেকেট)  পহ' (গামোোছা) জাম্বুৰং (মোনা) আদিৰে সম্বৰ্ধনা জনোৱাৰ লগতে জিলাখনৰ শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানে উষ্ম সম্বৰ্ধনা জনায় ৷ সভাৰ আৰম্ভনিতে কাব্যশ্ৰী কোঁচৰ বৰগীতেৰে আৰম্ভ হোৱা অনষ্ঠানটিৰ উদ্দেশ্য বাখ্যা কৰে চিংথুৰ প্ৰকাশনৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকাই ৷ উল্লেখযোগ্য যে পদ্মশ্ৰী ৰংবং তেৰাঙৰ" ১৩ জানুৱাৰী"ৰ দিনটোত তেওঁৰ জন্মদিনৰ লগত সংগতি ৰাখি চিংথুৰ প্ৰকাশনে ২০১৭ চনৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে ৷