ডিফুঃ “ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ভাষা, সাহিত্য-সংস্কৃতি উত্তৰণৰ বাটকটীয়া ৷” আজি কাৰবি আংলং জিলাৰ বকলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ পৰীক্ষা গৃহত চিংথুৰ প্ৰকাশনে আয়োজন কৰা ৰংবং তেৰাঙ সমন্বয় বঁটা প্ৰদান অনুষ্ঠানত বঁটা গ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট সাংবাদিক, সাহিত্যিক আৰু বুদ্ধিজীৱি হোমেন বৰগোঁহাঞিয়ে ৷
ভাষণ প্ৰসংগত বিশিষ্ট বুদ্ধিজীৱিজনে কয় যে, কাৰ্বি পাহাৰৰ সেউজীয়া আৰু ইয়াৰ মানুহৰ সৰলতাখিনিয়ে তেওঁক বাৰম্বাৰ কাৰ্বি আংলং জিলাৰ প্ৰতি আকৰ্ষিত কৰি আহিছে ৷ তেওঁ ৰংবং তেৰাঙক ভাষা-সাহিত্যৰ উজ্বল তাৰকা আৰু পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ জীৱন্ত প্ৰতীক বুলি কয়৷ বৰগোঁহাঞি নিজেও ৰংবং তেৰাঙৰ সমন্বয় যাত্ৰাৰ অংশীদাৰ বুলি কয় ৷ কাৰ্বি পাহাৰত কাৰ্বি ভাষা সাহিত্যৰ লগতে অনান্য ভাষা সাহিত্যৰো সমান উত্তৰণত সন্তুষ্টি প্ৰকাশ কৰে সাহ্ত্যৰ কাণ্ডাৰীজনে ৰংবং তেৰাঙৰ সৃষ্টি সমূহ বুটলি আনি কিতাপ আকাৰত সংকলন কৰাত চিংথুৰ প্ৰকাশনৰ লগতে বিশ্বজ্যোতি হাজৰিকাক ভূয়সী প্ৰসংশা কৰে ৷