নগাঁওঃ সদৌ অসম সাহিত্য সন্মিলনে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আগবঢ়াইছে ঐক্যতান বঁটা৷ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই অহা কেইবাগৰাকী বিশিষ্ট লোকৰ এইবেলি নগঞা বিশিষ্ট লেখক তথা কবি অনিল চন্দ্ৰ নাথক প্ৰদান কৰা হৈছে বিশেষ সাহিত্য সন্মান৷ যোৱা ২২ এপ্ৰিলত গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগঞা কবিগৰাকীক আনুষ্ঠানিকভাবে প্ৰদান কৰা হয় এই বঁটা৷
এই মৰ্মে সদৌ অসম সাহিত্য সন্মিলনৰ প্ৰচাৰ সম্পাদক প্ৰণৱ কুমাৰ নদীয়ালে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইন, বিশিষ্ট লেখিকা কাবেৰী কছাৰী ৰাজকোঁৱৰ, কবি ৰাম গোস্বামী, গল্পকাৰ ৰিজু হাজৰিকা, সদৌ অসম সাহিত্য সন্মিলনৰ সভাপতি ৰবচন লাল বৰুৱা, সম্পাদক অবিনাশ শৰ্মা, প্ৰাগজ্যোতি কমিউনিকেশ্বনৰ অধ্যক্ষ দীপাংকৰ হাজৰিকা, কেৰিয়াৰ পৰামৰ্শদাতা ড০ বুলজিৎ বুঢ়াগোহাই, সু-লেখিকা মীৰা দেৱীকে প্ৰমুখ্য কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷