লখিমপুৰঃ ৰাজ্যৰ এগৰাকী নাট্য কৰ্মীক ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত ৰাষ্ট্ৰীয় ছোটা নাগপুৰ নাট্য মহোৎসৱত বিশেষ ভাবে সম্বৰ্ধনা যাচে৷ বিশ্বনাট্য দিৱস সংগতি ৰাখি ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত অনুষ্ঠিত হোৱা পঞ্চম ৰাষ্ট্ৰীয় ছোটা নাগপুৰ নাট্য মহোৎসৱত অভিনেতা তথা নাট পৰিচালক দয়াল কৃষ্ণ নাথক কাণ্টি কৃষ্ণ সন্মানেৰে সন্মানিত কৰে।
লখিমপুৰ জিলাৰ ৰাঁচীৰ নাট পৰিচালক দয়াল কৃষ্ণ নাথক যুৱা নাট্য সংগীত একাডেমীৰ উদ্যোগত যোৱা ২৭-৩০ মাৰ্চত ৰাঁচী চহৰৰ আড্ৰে হাউচৰ মুকলি মঞ্চত অনুষ্ঠিত হোৱা নাট্য মহোৎসৱত দুজন নাট্য কৰ্মীক এই সন্মান আগবঢ়োৱা হয়।