54
খাৰুপেটীয়াঃ পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া নামৰ স্বেচ্ছাসেৱী সংঠন এটিৰ উদ্যোগত আৰম্ভ কৰা সৰ্বভাৰতীয় পৰ্যায়ত স্কুল চলো অভিযানৰ সৈতে সংগতি ৰাখি দৰং জিলা সমিতিয়েও দলগাঁও শিয়ালমাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত গাধৈঝাৰ প্ৰাথমিক বিদ্যালয় প্ৰঙ্গণত এই অভিযানৰ এক সজাগতা সভা অনুষ্ঠিত কৰে।
দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদক চুলতান আহমেদে সভাপতিত্ব কৰা সভাখনত দলগাঁও অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে।