ডিজিটেল ডেস্কঃ দেশৰ ৰাজহুৱা খণ্ডৰ আগশাৰীৰ বেংক পাঞ্জাৱ নেচনেল বেংকৰ শেহতীয়াকৈ উন্মোচিত হোৱা বিত্তীয় অনিয়মৰ পিছতেই এইবাৰ পোহৰলৈ আহিছে এক্সিচ বেংকত সংঘটিত হোৱা ৪০০০ কোটি টকাৰ বিত্তীয় কেলেংকাৰী। টাইমচ অফ ইণ্ডিয়াত প্ৰকাশিত খবৰ অনুসৰি বেংকৰ বিত্তীয় অনিয়মৰ অনুসন্ধানৰ সময়ত মুম্বাই আৰক্ষীয়ে পাৰেখ এলুমিনিয়াম লিমিটেড চমুকৈ পাল নামৰ কোম্পানী এটাৰ তিনি গৰাকী পৰিচালকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ ভাষ্যমতে কোম্পানীটোৰ নামত প্ৰায় ৪ হাজাৰ কোটি টকাৰ লেনদেনৰ অনিয়মৰ দাবী কৰিছে ঋণদাতাই।
উল্লেখ্য যে কিছুদিন পূৰ্বে পাল কোম্পানীটোৰ বিৰুদ্ধে এক্সিচ বেংকে ২৫০ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগ দাখিল কৰিছিল। সেই সূত্ৰেই অনুসন্ধানমৰ্মে মুম্বাই আৰক্ষীয়ে পাল কোম্পানীৰ পৰিচালক ভনভাৰালাল ভাণ্ডাৰী, প্ৰেমল গোৰাগান্ধী আৰু কমলেশ কানুগুৱক গ্ৰেপ্তাৰ কৰে।