ডিজিটেল ডেস্কঃ বাবৰি মছজিদৰ ঠাইত পূৰ্বতে ৰামমন্দিৰ আছিল কি নাছিল, তাকে লৈ বিতৰ্ক চলি থকাৰ মাজতে ৰামমন্দিৰৰ আৰ্হিত নিৰ্মিত হ’ব অযোধ্যাৰ ৰেল ষ্টেচন। বুধবাৰে এই ঘোষণা ৰেল মন্ত্ৰালয়ৰ ৰাজ্যিক দপ্তৰৰ মন্ত্ৰী মনোজ সিনহাৰ।
কিন্তু ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰিবলগীয়া ষ্টেচনটোৰ বাবে মন্দিৰটোৰ আৰ্হিয়েই যিহেতু নাই, গতিকে কিহৰ ভিত্তিত ষ্টেচনটো নিৰ্মাণ কৰা হ’ব তাকে লৈ প্ৰশ্ন উঠিছে৷ উল্লেখ্য যে বাবৰি মছজিদৰ ঠাইত থকা বুলি দাবী কৰা মন্দিৰৰ এখনো ফটো পাবলৈ নাই৷
ইফালে বাবৰি মছজিদ ধ্বংস কৰাৰ অন্যতম অভিযুক্ত বিজেপিৰ সাংসদ বিনয় কাটিয়াৰ কয় যে অযোধ্যাৰ ৰেল ষ্টেচনটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতেই বাবৰি মছজিদৰ ঠাইত ৰামমন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব।
মন্ত্ৰী সিনহাই কয় যে অযোধ্যাক এনেদৰে বিকশিত কৰা হ’ব বিশ্বৰ যিকোনো প্ৰান্তৰপৰা অহা ব্যক্তিয়ে অযোধ্যাক গৰ্বৰে ৰামৰ জনমভূমি বুলি ক’ব পাৰে৷ মঙলবাৰে অযোধ্যা জংচন ৰেলৱে ষ্টেচনৰ পুননিৰ্মাণৰ লগতে অনান্য ক্ষেত্ৰত উন্নয়নৰ হেতু ২১০ কোটি টকাৰ যোজনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে৷ অযোধ্যালৈ ৰেলৰ যোগাযোগ উন্নত কৰা হ’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে৷