জিতুমণি দাস, আজাৰাঃ দক্ষিণ কামৰূপৰ আগশাৰীৰ বাতৰি কাকত পৰিৱেশক ৰামপুৰস্থিত কালিকান্ত নিউজ এজেঞ্চিৰ উদ্যোগত দেওবাৰে ৰাজাপুখুৰী সত্ৰৰ তপন কুমাৰলৈ ইলা শৰ্মা গোস্বামী সোঁৱৰণী শ্ৰেষ্ঠ বাতৰি কাকত পঢ়ুৱৈ বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে ৰাজাপুখুৰী সত্ৰ ৰাইজ গয়ৰহৰ সম্পাদক যোগেন্দ্ৰ কুমাৰৰ সভাপতিত্বত বঁটা প্ৰাপক তপন কুমাৰৰ বাসগৃহত এখন সভাখন অনুষ্ঠিত হয়।
সভাত সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰি পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰবিষয়া সুস্বপ্না কাকতিয়ে বাতৰি কাকত এখন ৰাইজৰ মাজলৈ লৈ যোৱাত এজেঞ্চি এটাই গুৰুত্বপূৰ্ণ ভূমিকা লয় বুলি মন্তব্য কৰে। তপন কুমাৰক এই বঁটা প্ৰদান কৰি আমাৰ অসম কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক মিলন কুমাৰ দাসে কাকত গোষ্ঠীয়ে সমাজক সঠিক পথৰ সন্ধান দিব লাগে বুলি মন্তব্য কৰে।