আজাৰাঃ সাংবাদিক পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰপৰা জিলা সমিতিবোৰক দিয়া নিৰ্দেশ অনুসৰি কামৰূপ গ্ৰাম্য জিলা সমিতিখন পূৰ্ণাংগ ৰূপত শনিবাৰ আনুষ্ঠানিকভাৱে গঠন কৰা হয়। এই উপলক্ষে মিৰ্জাস্থিত গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলাত কেন্দ্ৰীয় সমিতিৰ মনোনীত সভাপতি অনিল কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই মনোনীত সাধাৰণ সম্পাদক পবিত্ৰ কুমাৰ দাসে।
শনিবাৰে কামৰূপ গ্ৰাম্য জিলা ভিত্তিত অনুষ্ঠিত সাংবাদিকৰ অভিৱৰ্তনত ৰঙিয়া, শুৱালকুছি, বকো, ছয়গাও, পলাশবাৰী, ৰামপুৰ, আজাৰা আদি অঞ্চলৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ প্ৰায় কুৰিজন সাংবাদিকে অংশ গ্ৰহণ কৰে। সভাৰ আৰম্ভণীতে বিগত সময়ছোৱাত ৰাজ্যখনৰ বৈদ্ধিক, সামাজিক আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ গইনা লৈ প্ৰতিবাদ কৰিবলৈ যাওতে দেশ আৰু স্বজাতিৰ হকে যিসকল সাংবাদিকে মৃত্যুক আকোৱালী ললে তেওঁলোকৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি আজিৰ সভাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।