আজাৰাঃ সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত ৰাজ্যৰ আন সংসদীয় সমষ্টিৰ দৰে গুৱাহাটীতো বিজেপিৰ হৈ আমি ৰামধেনু সদৃশ মিত্ৰতাৰ বাবে বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছো গতিকে এই জয় কেৱল মোৰ জয় নহয়, এয়া হৈছে ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি দেখুওৱা আস্থা আৰু ৰামধেনু সদৃশ মিত্ৰতাৰ জয়।
আজি বিয়লি বিজেপিৰ ৰাণী মণ্ডল সমিতিৰ উদ্যোগত মহানগৰীৰ আজাৰা সভাঘৰত অনুষ্ঠিত সম্বৰ্ধনা সভাত উপস্থিত থাকি এইদৰে মন্তব্য কৰে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি দলৰপৰা বিপুল সংখ্যক ভোট লাভ কৰি বিজয়ী হোৱা নৱ-নিৰ্বাচিত সাংসদ কুইন ওজাৰ।
ভাষণ প্ৰসঙ্গত কুইন ওজাই উপস্থিত থকা বিজেপি, অগপৰ সহস্ৰাধিক কৰ্ম-কৰ্তাক চৰকাৰী আঁচনি সমূহৰপৰা যাতে প্ৰকৃত হিতাধিকাৰীসকল উপকৃত হয় তাৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনায়।
আনহাতে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা ৰাণী মণ্ডল সমিতিৰ সভাপতি প্ৰশান্ত মহন্তই পৌৰোহিত্য কৰা সভাখনত বিজেপিৰ উপ-সভাপতি বিজয় গুপ্তা, সম্পাদক মুকুটা ডেকা, মিডিয়া কোষৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলৰ উপৰিও অশোক কুমাৰ ভৰালী, কবিতা বড়ো ৰংপী, মামণী মহন্ত, কবিতা বৈশ্য, বলেশ্বৰ ৰংপীকে ধৰি বিজেপি আৰু অগপদলৰ কেইবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে। অনুষ্ঠানত ৰাণী মণ্ডলৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ সামাজিক, সাংস্কৃতিক সংগঠনে কুইন ওজাক বিপুল সম্বৰ্ধনা জনায়।