জিতুমণি দাস, আজাৰাঃ দক্ষিণ কামৰূপৰ সামাজিক অনুষ্ঠান সৰপাৰা সমন্বয় গোষ্ঠীৰ উদ্যোগত সৰপাৰা হাইস্কুল প্ৰাংগনত বৃহস্পতিবাৰে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। 

কলাগুৰু বিষ্ণুৰাভাক স্মৰণ কৰি এটি সমবেত সংগীতৰে শুভাৰম্ভ কৰা অনুষ্ঠানত সভাপতিত্ব কৰে সৰপাৰা সমন্বয় গোষ্ঠীৰ সভাপতি সুৰেন্দ্ৰ মোহন ডেকাই। সভাত অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১২ গৰাকী ছাত্ৰ-ছাত্ৰী, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২ গৰাকী ছাত্ৰ-ছাত্ৰী, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৮ গৰাকী ছাত্ৰ-ছাত্ৰী, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১ গৰাকী ছাত্ৰীক ফুলাম গামোচা, কিতাপৰ টোপোলা, কলম আৰু নগদ ধনেৰে সম্বৰ্ধনা জনোৱা হয়। 

আনহাতে উক্ত সভাতেই পি.এইচ.ডি. ডিগ্ৰী লাভ কৰা প্ৰাৰ্থনা মজুমদাৰকো সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে নৰেন দাস আৰু নৰেন মজুমদাৰ উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি শিক্ষা গ্ৰহণৰ সমান্তৰালকৈ সামাজিক, সাংস্কৃতিক আৰু ভাষিক মূল্যবোধৰ প্ৰতি সদা সচেতন হৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়। 

উক্ত সম্বৰ্ধনা অনুষ্ঠানত ব্যৱসায়ী তথা সৰপাৰাৰ বাসিন্দা পংকজ কুমাৰ দাসে যোৱা কেইবেলিৰ দৰে এইবেলিও সমন্বয় গোষ্ঠীৰ হৈ ১৪ গৰাকী ছাত্ৰ-ছাত্ৰীক নগদ ধন প্ৰদান কৰে। অনুষ্ঠানত সৰপাৰা ৰাইজ গয়ৰহৰ সভাপতি কনক কাকতি, সম্পাদক পবিত্ৰ মজুমদাৰ, সৰপাৰা সাহিত্য সভাৰ সভাপতি অমৃত দেৱান, সৰপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক ধীৰেণ ঠাকুৰীয়া, সৰপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য অশোক ডেকা, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।