জিতুমণি দাস, আজাৰাঃ দায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানাসমূহৰ সৰ্বাংগীন উন্নয়ণ চমুকৈ মৈত্ৰী আঁচনিৰ অধীনত সোমবাৰে মহানগৰীৰ আজাৰা আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ভৱনটো উদ্বোধন কৰি অনুষ্ঠিত হোৱা সভাত মুখ্যমন্ত্ৰীয়ে ভাষণত ভাল মানুহক মৰ্যদা সহকাৰে জীয়াই থকাত আৰক্ষীয়ে সহায় কৰিছে।
অসম আৰক্ষীৰ বলিষ্ঠ পদক্ষেপৰ বাবে ভাৰতবৰ্ষত এক সুকীয়াস্থান দখল কৰিবলৈ সক্ষম হৈছে। মৈত্ৰী হৈছে মিত্ৰতা বা একটা। বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়াম লোকসকলক একত্ৰিত কৰাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিছো। আৰক্ষীয়ে সৰ্বসাধাৰণ নাগৰিকক পোনপোতীয়াভাৱে সেৱা কৰিবলৈ সুবিধা পায়। অপৰাধীয়ে যাতে সুযোগ ল’ব নোৱাৰে লগতে আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰ সুনাম যাতে বজাই ৰাখে তাৰ বাবে আৰক্ষীক ৰাইজৰ সহযোগত নিষ্ঠাৰে কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে৷