কোকৰাঝাৰঃ বিগত কংগ্ৰেছ চৰকাৰৰ দিনত দিল্লীৰ ৰামলীলা ময়দানত কলা ধন দেশলৈ উভতাই অনাৰ দাবীত প্ৰতিবাদ কৰি জনপ্ৰিয় হৈ পৰা বাবা ৰামদেৱ আহিব বিটিএডিৰ সদৰ কোকাৰঝাৰলৈ৷ যাৰ বাবে বাবা ৰামদেৱৰ অনুৰাগীৰ গাত তত নাইকীয়া হৈছে৷ কোকৰাঝাৰত উখল মাখল পৰিবেশৰ লগতে বাবা ৰামদেৱক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।
কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত অহা ২১, ২২ আৰু ২৩ নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া বিনামুলীয়া যোগ প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকিব বাবা ৰামদেৱ। এই উপলক্ষে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ তাৰ মাজতে দেওবাৰে বিটিচি সচিবালয়ৰ সন্মুখৰ পৰা বাবা ৰামদেৱৰ সমৰ্থনত বিশাল ৰেলী উলিয়াই বাবা ৰামদেৱৰ অনুৰাগীয়ে৷