ডিজিটাল ডেস্কঃ তাজমহলৰ পিছত এইবাৰ বিতৰ্কত বাবৰি মছজিদ। শেহতীয়াকৈ তাজমহলৰ পিছত পুনৰ বিতৰ্কৰ মাজলৈ আহিল বাবৰি মছজিদ৷ এইবাৰ ৰাম মন্দিৰ আৰু মছজিদৰ মাজত নহয় স্বঘোষিত মুগল বংশধৰ প্রিন্স ইয়াকুব হাবিবুদ্দিন টুসি(৪২)য়ে মছজিদটোৰ অংশদাৰিত্বৰ দাবী কৰি অযোধ্যাৰ বাবৰি মছজিদক বিতৰ্কৰ মাজলৈ আনিছে। নিজেকে শেষ মুগল সম্রাট বাহদুৰ শ্বাহ জাফৰৰ বংশোধৰ বুলি দাবি কৰা ইয়াকুবৰ মন্তব্য 'আমাৰ DNA পৰীক্ষা কৰি দেখা গৈছে, আমি মোগল বংশধৰ।'

হায়দৰাবাদৰ বাসিন্দা প্রিন্স ইয়াকুবে এক আবেদন পত্র প্ৰেৰণ কৰে উত্তৰপ্রদেশৰ চুন্নি ৱাকফ বোর্ডলৈ। আবেদনত তেওঁ জনায় যে, বাবৰি মছজিদৰ ভুমিৰ চোৱা-চিতাৰ দায়িত্ব তেওঁক দিযা হওঁক। কাৰণ, তেওঁ মোগল বংশৰ ষষ্ঠ প্রজন্মৰ উত্তৰাধিকাৰী। ১৫ নৱেম্বৰৰ ভিতৰত চুন্নি ৱাকফ বোর্ডক উত্তৰ দিয়াৰ দাবি কৰিছে ইয়াকুবে। যদিহে সময়ত উত্তৰ নাপায় তেন্তে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও জনাই ইয়াকুব হাবিবুদ্দিনে৷