54
ডিজিটেল ডেস্কঃ আকাশমাৰ্গতে হঠাৎ যাত্ৰীৰ সংখ্যা বৃদ্ধি পালে জেট এয়াৰৱেজৰ এখন বিমানত। সেই সময়ত ১৬২গৰাকী যাত্ৰীক কঢ়িয়াই ছৌদি আৰৱৰ পৰা ভাৰতলৈ আহি আছিল বিমানখন। কিন্তু কোন এই যাত্ৰী যিয়ে উৰন্ত বিমানত প্ৰৱেশ কৰাৰ দুঃসাহস কৰিলে?
জেট এয়াৰৱেজ কৰ্তৃপক্ষই সদৰী কৰা মতে, ৩৫ হাজাৰ ফুট উচ্চতাত আৰৱ সাগৰৰ ওপৰত বিমানখন উৰি থকাৰ মাজতে চি জোছ নামৰ ২৯ বৰ্ষীয় এগৰাকী মহিলা যাত্ৰীৰ আগতীয়া প্ৰসৱ বেদনা আৰম্ভ হয়।