newsnextone.com | ডিজিটেল ডেস্কঃ সন্তানটো দেখিবলৈ তাৰ দৰে নহয়৷ স্বাভাৱিকতেই সন্তানটো তাৰ নহয় যেনেই লাগে৷ যদি সন্তানটো তাৰ নহয়, তেন্তে নিশ্চয় তাৰ পত্নীৰ আনৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক আছে৷ এই সন্দেহ কৰিয়েই এটি তিনি মহীয়া পানী কেঁচুৱাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে পিতৃৰ বিৰুদ্ধে৷
বিহাৰৰ ঔৰংগাবাদত এই কাণ্ড সংঘটিত কৰে ৩২ বৰ্ষীয় ৰৌশন ৰাথোৰে৷ পেছাত কৃষক ৰৌশনৰ মতে তাৰ পত্নীয়ে প্ৰসৱ কৰা সন্তানটো তাৰ ঔৰসজাত নহয়৷ কাৰণ সন্তানটো দেখিবলৈ তাৰ সতে নিমিলে৷ সেই বাবেই সি সন্তানটো হত্যা কৰে৷