প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ সন্তানটো দেখিবলৈ তাৰ দৰে নহয়৷ স্বাভাৱিকতেই সন্তানটো তাৰ নহয় যেনেই লাগে৷ যদি সন্তানটো তাৰ নহয়, তেন্তে নিশ্চয় তাৰ পত্নীৰ আনৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক আছে৷ এই সন্দেহ কৰিয়েই এটি তিনি মহীয়া পানী কেঁচুৱাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে পিতৃৰ বিৰুদ্ধে৷

বিহাৰৰ ঔৰংগাবাদত এই কাণ্ড সংঘটিত কৰে ৩২ বৰ্ষীয় ৰৌশন ৰাথোৰে৷ পেছাত কৃষক ৰৌশনৰ মতে তাৰ পত্নীয়ে প্ৰসৱ কৰা সন্তানটো তাৰ ঔৰসজাত নহয়৷ কাৰণ সন্তানটো দেখিবলৈ তাৰ সতে নিমিলে৷ সেই বাবেই সি সন্তানটো হত্যা কৰে৷

অভিযোগ অনুসৰি, দেওবাৰে নিশা শিশুটিয়ে মাকৰ গাখীৰ খাই থকা সময়তে পাষণ্ড পিতৃয়ে কেঁচুৱাটোক মাকৰ কোলাৰ পৰা আজুৰি লৈ যায় আৰু থেকেছিবলৈ আৰম্ভ কৰে৷ এই কাণ্ডত বাধা দি পত্নী কুলধানাই কেঁচুৱাটোক পাষণ্ড পিতৃৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ যাওতে সি ২৬ বৰ্ষীয় কুলধানকো মাৰধৰ কৰে৷ 

মহিলাগৰাকীৰ চিৎকাৰ শুনি ওচৰ চুবুৰীয়া উপস্থিত হৈ কুলধানাক ৰক্ষা যদিও তিনিমহীয়া কেঁচুৱাটোৱে তেতিয়ালৈ পিতৃৰ হাতত প্ৰাণ হেৰুৱাইছিল৷ ৰাইজে ৰৌশনৰ এনে কাণ্ডত খং প্ৰকাশ কৰি উত্তম মধ্যম শোধাই পিছত আৰক্ষীক গতাই দিয়ে৷ পিছত পত্নীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৰৌশনক আটক কৰে৷

ইফালে, প্ৰথম সন্তান প্ৰসৱৰ পিছৰ পৰাই ৰৌশনে পত্নীৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ পত্নীৰ আন পুৰুষৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ প্ৰকাশ কৰি প্ৰায়ে পত্নী কুলধানাক মাৰধৰ কৰিছিল বুলিও কয় আৰক্ষীয়ে৷ 

সন্তানক হত্যাৰ অভিযোগত ৰৌশনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অাৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে৷