newsnextone.com। তামুলপুৰঃ  মঙ্গলবাৰে বাক্সাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ কুমাৰীকাটা বগাজুলীৰ বনাঞ্চলৰ জাকৈ নৈত স্থানীয় ৰাইজে আঘাত প্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালি এটা উদ্ধাৰ কৰাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতহে গা লৰিল বন বিভাগৰ। অৱশেষত কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ে আগৰ ঠেং খনত আঘাত প্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালিটোক উদ্ধাৰ কৰি আজি মানাস অভয়াৰণ্যলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।


 কুমাৰীকাটাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া বিৰেন্দ্ৰ নাথ বড়ো আৰু ভাৰত ডেকাই জানিবলৈ দিয়া মতে কাৰ্য্যালয়টোৰ এটা সজাতি দলে প্ৰায় আঠ ঘন্টা ধৰি নেৰানেপেৰা চেষ্টাৰ অন্তত হাতীৰ পোৱালিটোক বনাঞ্চলৰ পৰা উদ্ধাৰ কৰি কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়লৈ আনিবলৈ সক্ষম হয়। প্ৰথমে কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ত পশু চিকিৎসকৰ দ্বাৰা হাতীৰ পোৱালিটোক প্ৰাথমিক চিকিৎসা কৰা হয়। পিছত উন্নত চিকিৎসাৰ বাবে মানাস অভয়াৰণ্যলৈ লৈ যোৱা হয়। তাত চিকিৎসা কৰি হাতীৰ পোৱালিটোক অভয়াৰণ্য খনত এৰি দিয়া হব বুলি জানিবলৈ দিয়ে।