পলিমা চেতিয়া বসুমতাৰী,কাজিৰঙাঃ কণমানি মাতৃহাৰা গঁড় পোৱালিৰ কৰুণ বিননিত ম্ৰিয়মান কাজিৰঙা৷ সদ্য মাতৃহাৰা প্ৰায় এবছৰীয়া কণমানি হাতী পোৱালিটোয়ে মাকক বিচাৰি কৰা কৰুণ আৰ্তনাদত মঙলবাৰে গধুৰ হৈ উঠিছে কাজিৰঙাৰ আকাশ-বতাহ৷
কাজিৰঙাত বছৰৰ প্ৰথমটো ভয়াৱহ বানৰ তাণ্ডৱৰপৰা নিজৰ প্ৰাণ ৰক্ষাৰ অৰ্থে কালি পুৱাৰ ভাগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰপৰা ওলাই আহিছিল এহাল মাক-পোৱালী গঁড়৷ মাক-পোৱালি এই গঁড় দুটা আশ্ৰয় বিচাৰি গৈ গৈ কাৰ্বি আংলং জিলাৰ ইংলে পথাৰ গাঁৱৰ সমুদ্ৰপৃষ্ঠৰপৰা প্ৰায় এহেজাৰ ফুট উচ্চতাৰ পাহাৰত উঠিছিল যদিও হঠাৎ পোৱালি থকা মাতৃ গঁড়জনী পিছলি পৰি শিলৰ ফাকত সোমাই পৰিল।
পিছলি পৰি মাতৃ গঁড়জনীয়ে শৰীৰৰ বিভিন্ন অংশত শোচনীয়ভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ সমান্তৰালভাৱে শিলৰ ফাকত অতিশয় বিপদজনকভাৱে আৱদ্ধ হৈ পৰে৷ ইপিনে, মাকক বিচাৰি কাষত নাপায় কণমানি গঁড়ৰ পোৱালিটোৱে কাষৰ ঘন অৰণ্যত চটফটাই ফুৰাৰ দৃশ্য আছিল অতিকে হৃদয়বিদাৰক৷
বনবিভাগ আৰু সাংবাদিকে অতি কষ্টেৰে সমুদ্ৰপৃষ্ঠৰপৰা এহেজাৰ ফুট ওপৰত উঠি ঘটনাস্থলীত উপস্থিত হ’বলৈ সক্ষম হয় যদিও গঁড়টোক উদ্ধাৰ কৰাৰ পূৰ্বেই পুৱা ৭ বজাৰপৰা ১২ বজালৈকে শিলৰ ফাঁকত বিপদজনক ভাৱে সোমাই পৰি প্ৰায় পাঁচ ঘণ্টা সময় এনেদৰেই যন্ত্ৰণাত চটফটাই থাকি অৱশেষত কৰুণ মৃত্যক সাৱটি লব লগা হয় অসম গৌৰৱ কাজিৰঙাৰ এশিঙিয়াই৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ নেতৃত্বত উপস্থিত হোৱা পশু চিকৎসকৰ দলৰ লগতে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ নিহত হোৱা মাতৃ গঁড়জনীৰ মৃতদেহ উদ্ধাৰৰ চেষ্টা অব্যাহত ৰখাৰ নগতে মাতৃহাৰা প্ৰায় এবছৰীয়া কণমানি গঁড় পোৱালিটোৱো ট্ৰেংকুইলাইজ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে৷
ইপিনে, এই প্ৰলয়ংকৰী বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত বানত ডুবি এটা গঁড়ৰ মৃত্যু হোৱা বুলি জানিব পৰা যায়৷ ঘটনাস্থলীত বনবিভাগৰ দল উপস্থিত হৈ মৃত গঁড়টোক উদ্ধাৰ কৰাৰ লগতে গঁড়ৰ খৰ্গটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় বনবিভাগে৷