নলবাৰীঃ নলবাৰীত স্থাপন হ’ব বিএড কলেজ৷ এই ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিষশ্ব শৰ্মাই৷ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা নলবাৰীৰ সচেতম নাগৰিকসকলে দাবী কৰা অহা বিএড কলে লাভ কৰিলে নলবাৰীয়ে৷ বি এড কলেজ স্থাপন কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
শিক্ষামন্ত্ৰীৰ এনে পদক্ষেপক নলবাৰীৰ ৰাইজে প্ৰশংসা কৰিছে। নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই বিধায়ক নিৰ্বাচিত হোৱাৰ পিছতে নলবাৰীত এখন বি এড কলেজ স্থাপন কৰাৰ বাবে প্ৰয়াস চলাই আছিল। অৱশেষত আজি দিছপুৰত শিক্ষামন্ত্ৰীয়ে বিধায়কৰ প্ৰস্তাৱত সন্মতি দিয়াত নলবাৰীত বি এড কলেজ স্থাপন হোৱাটো নিশ্চিত হ’ল।