newsnextone.com।তেজপুৰঃ মহাপুৰুষ দুজনাৰ অসীম সৃষ্টি নামঘৰ অসমীয়া জাতিৰ অলংকাৰস্বৰূপ। সমগ্ৰ ৰাজ্যজুৰি মহাপুৰুষ মাধৱদেৱৰ তিথি পালন কৰি নামকীৰ্তন কৰা হৈছে যদিও তেজপুৰ চহৰৰ মাজমজিয়াত থকা মাধৱ নামঘৰৰ অৱস্থা দেখিলে প্ৰতিজন সচেতন অসমীয়াই লজ্জিত অনুভৱ কৰিব।

দুকুৰি অসমীয়া ৰাইজে মিলি ১৯৭৪ চনত ৰাইজৰ সহযোগিতাৰে নিৰ্মাণ কৰা মাধৱ মন্দিৰৰ চৌহদত কাষতে অৱস্থিত হৰিজন বসতি অঞ্চল হিচাপে খ্যাত হৰিজন কলনি। ৰাইজে পালন কৰা গাহৰি অসমীয়া নামঘৰৰ চৌহদত প্ৰবেশ কৰি নামঘৰৰ চৌহদত দুৰ্গন্ধময় পৰিবেশ সৃষ্টি কৰাৰ লগত  গাহৰিৰ বিচৰণ স্থলী হিচাপে ৰূপান্তৰিত হোৱাৰ লগতে  নামঘৰত চোদিশে থকা দেৱাল বোৰ খহাই পেলাইছে।

ফলত জাৱৰ-জোঁথৰে ভৰি থকা ফলত ডাচনলৈ ৰূপান্তৰিত হৈছে নামঘৰৰ চৌহদ। স্থানীয় ৰাইজে প্ৰশাসনক বহু আবেদন জনাই আহিছে যদিও কোনো গুৰুত্ব নাই। বৃহস্পতিবাৰে মাধৱদেৱৰ তিথিৰ দিনটোত নামঘৰত প্ৰবেশ কৰি প্ৰাৰ্থনা কৰি অসমীয়া সমাজৰ অলংকাৰস্বৰূপ নামঘৰটোৰ অস্থিত্ব ৰক্ষাৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে।