newsnextone.com | গুৱাহাটীঃ সোমবাৰে পুৱা ১০ বজাত মুকলি কৰা হ'ল এনআৰচিৰ চূড়ান্ত খচৰা। সোমাবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা স্পষ্ট হৈ পৰে।

৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট নোহোৱাত বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে তৃণমূল কংগ্ৰেছে সংসদ উত্তাল কৰি তোলে। বৰ্ষাকালীন অধিবেশনত তৃণমূল কংগ্ৰেছৰ সাংসদ সকলে ইচ্ছাকৃত ভাৱে চৰকাৰে ৪০ লাখ লোকৰ নাম কৰ্তন কৰা বুলি কৈ হৈ হাল্লা কৰাত সদন স্থগিত কৰিব লগা হয়। ইয়াৰ লগে লগে অসমৰ সাংসদসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে দেশৰ শীৰ্ষ আদালতক ধন্যবাদ যাচে। ইমানে নহয় আৰএছএছৰ মানুহে অসমৰ সংখ্যালঘূৰ নামৰ কৰ্তন কৰিব খুজিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে আজমলে।

সাংসদ বদৰুদ্দিন আজমলে কয় যে এনআৰচিৰ বিষয়ত হস্তক্ষেপ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক ধন্যবাদ যাচিছোঁ। এনআৰচি অসম চৰকাৰৰ অধিনৰ সংস্থা য'ত আৰএছএছৰ লোক জৰিত হৈ আছিল। তেওঁলোকে সংখ্যালঘূৰ নামৰ কৰ্তন কৰাৰ বাবে চেষ্টা কৰিছিল। যিসকৰ নাম অহা নাই তেওঁলোকে চিন্তা কৰিব নালাগে।