মঙলবাৰে দুপৰীয়া দাউদাউকৈ জ্বলি উঠে তিনিচুকীয়া জিলাৰ বাঘজান। নিমিষতে ছাৰখাৰ হৈ পৰে এখন সেউজ গাঁও। সকলো দৃশ্য অসহায় হৈ চাই ৰ’বলৈ বাধ্য হৈ পৰে স্থানীয় লোকসকলে। কিন্তু কিয় এনে হবলৈ পালে? কাৰ ভুলৰ বাবে জ্বলি উঠিল শান্ত-সমাহিত বাঘজান? সকলো সামৰি বাঘজানৰ পৰা তিনিচুকীয়া জিলাৰ NNOৰ ব্যুৰ’ বিকাশজ্যোতি শইকীয়াৰ বিশেষ প্ৰতিবেদন।
► দুটা দশক পূৰ্বে তিনিচুকীয়া চহৰৰপৰা নাতিদূৰৈৰ বাঘজানত গাঁওবাসী আৰু দাঁতিকাষৰীয়া ৰাইজৰ তীব্ৰ প্ৰতিবাদ, অসন্তুষ্টি সত্ত্বেও অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজান কতৃৰ্পক্ষই তেলখাদ স্থাপন কৰি পনীয়া সোণ আহৰণ কৰি গৈ আছিল৷ অইল ইণ্ডিয়াই এনেদৰে কোনো এটা অঞ্চলত তেল আহৰণ কৰাৰ বিষয়টো নতুন বিষয় নহয়৷ কিন্তু বাঘজানত তৈল খাদ স্থাপনৰ বিষয়টো স্পৰ্শকাতৰ আছিল এই কাৰণেই যে বাঘজানৰ গাতে লাগি আছিল ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু পক্ষীবিল মাগুৰি আৰু এই খাদ স্থাপনৰ ফলশ্ৰুতিত জৈৱ-বৈচিত্ৰ্যজনিত ক্ষতি-শংকাৰ সম্ভাৱনা আছিল প্ৰচুৰ৷