বাইহাটা চাৰিআলিঃ কামৰূপ আৰু দৰঙ জিলাৰ সীমান্তৱৰ্তী ঐতিহ্যমণ্ডিত সংহতি আৰু ভাতৃত্ববোধৰ বিৰল চানেকি ডাঙি ধৰিবলৈ সক্ষম হোৱা বালিকুছি সত্ৰ সভা অহা ৩ ফেব্ৰুৱাৰীৰপৰা ৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব।
ইয়াকে লৈ কামৰূপ আৰু দৰং জিলাৰ যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিতিত অৰ্জ্জুনদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত এখন সভা অনুস্থিত হয়। বিশিষ্ট শিক্ষাবিদ তথা সভা পৰিচালনা সমিতিৰ তদানীন্তন সভাপতি হৰেশ্বৰ ডেকাই পৌৰহিত্য কৰা সভাখনত আগন্তুক বালিকুছি সত্ৰ সভাৰ পৰিচালনা সমিতি গঠন কৰা হয়।