বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ বিজ্ঞান শিক্ষাৰ শিক্ষানুষ্ঠান ৰামানুজ একাডেমীৰ উদ্যোগত আয়োজিত ৰামানুজ টেলেন্ট হান্ট ২০১৯ পৰীক্ষাৰ ফলাফল বুধবাৰে ঘোষণা কৰাৰ লগতে বঁটা সমূহো বিতৰণ কৰা হয়।
ঘোষিত ফলাফল অনুসৰি এই পৰীক্ষাত কামৰূপ জিলাৰ বেজেৰাৰ উদয়ন শান্তি নিকেটনৰ ছাত্ৰদ্বয় ক্ৰমে অনুৰাগ বৰ্মন আৰু নিহাৰ শৰ্মাই প্ৰথম আৰু দ্বিতীয় স্থান, পুঠিমাৰী পায়নিয়াৰ একাডেমীৰ ভ্ৰুমন কাকতি আৰু হাজোৰ পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেটনৰ মানসী মালাকৰে যৌথভাৱে তৃতীয় স্থান আৰু পশ্চিম তামুলপুৰ হাইস্কুলৰ হৃষিকেশ দাসে চতুৰ্থ স্থান লাভ কৰে।