Home ৰাজ্যNRCক লৈ ৰাজনীতি কৰিছে চৰকাৰে, বাইহাটা চাৰিআলিত যুৱ-ছাত্ৰৰ জোৰ সমদল

NRCক লৈ ৰাজনীতি কৰিছে চৰকাৰে, বাইহাটা চাৰিআলিত যুৱ-ছাত্ৰৰ জোৰ সমদল

by News Desk
57 views
A+A-
Reset

বাইহাটা চাৰিআলিঃ শনিবাৰে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অসম জাতীয়তাবাদী-যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনৰ নেতা-কৰ্মীয়ে হাতে হাতে জোৰ লৈ সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷ এনআৰচি প্ৰকাশ কৰাৰ ক্ষেত্ৰত চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি অসমৰ বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷

খিলঞ্জীয়া অসমীয়াৰ জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ ৰক্ষাকৱচ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশকলৈ ৰাজনৈতিক দলৰ নেতাই ন্যায়লয়ৰ নিৰ্দেশকো অৱমাননা কৰি ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গুৱাহাটী জিলা সমিতিয়ে৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশকলৈ ৰাজনীতি নকৰিবলৈ সকলো পক্ষক সকীয়নি প্ৰদান কৰি পূৰ্ব নিৰ্ধাৰিত অহা ৩১ ডিচেম্বৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0