56
বাইহাটা চাৰিআলিঃ সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম বন্ধৰ আহ্বান জনোৱাৰ পাছতে এইবাৰ ছাত্ৰ-ছাত্ৰীসকলে পোনপটীয়াকৈ উক্ত আন্দোলনত জঁপিয়াই পৰিবলৈ যো-জা চলোৱাৰ ইংগিত পোৱা গৈছে। এই ক্ষেত্ৰত আগভাগ লৈছে বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ে৷
মঙলবাৰে বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছতে পূব কামৰূপ মহাবিদ্যালয় ছাত্ৰ একতা সভাই অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে।