বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি অঞ্চলৰ সামাজিক ক্ষেত্ৰখনলৈ নানা ধৰণেৰে অৱদান আগবঢ়াই অহা সত্তৰোৰ্ধৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, বাইহাটা চাৰিআলি লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী, বাইহাটা চাৰিআলি সাহিত্য সভাৰ বিদ্যাৱতী দেৱী সাধু কোৱা প্ৰতিযোগিতাৰ ন্যাসদাতা আগডলা নিৱাসী অবিবাহিত স্বৰ্ণ দেৱীয়ে জীৱনৰ এই বিয়লি বেলাত পৰিয়ালৰদ্বাৰা চূড়ান্তভাৱে অৱহেলিত হৈ গোহালি সদৃশ পৰিৱেশত বন্দিত্বৰ দুৰ্বিষহ জীৱন কটাই থাকিব লগা হৈছে।
বাইহাটা চাৰিআলি লেখিকা সমাৰোহ সমিতিৰ কাৰ্যসূচীত দীৰ্ঘদিন উপস্থিত নথকাত সমিতিখনৰ সভানেত্ৰী নলিনী দেৱী, সহকাৰী সম্পাদিকা অঞ্জনা ডেকা, অন্যান্য সদস্যবৰ্গই তেওঁৰ খবৰ ল’বলৈ যোৱাত পোহৰলৈ আহে মানৱ সমাজক লজ্জানত কৰা এই দুৰ্ভাগ্যজনক কাহিনী।