বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত দালাঙ গাঁৱৰ বালাচুবা নিবাসী একালৰ কৃতি শিক্ষক তথা বিশিষ্ট সমাজসেৱী স্বৰ্গীয় বলেন্দ্ৰ কুমাৰ নাথৰ পত্নী পাৰ্বতী নাথৰ মঙলবাৰে পুৱতি নিশা তিনিবাজি ত্ৰিশ মিনিটত স্বগৃহত পৰলোকপ্ৰাপ্তি ঘটে৷
বিগত অক্টোবৰ মাহৰ ২১ তাৰিখে সন্ধিয়া সাত বাজি ত্ৰিশ মিনিটত নিজ গৃহত হঠাতে ষ্ট্ৰোকত আক্ৰান্ত হোৱাত ততালিকে তেওঁক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তাৰ পাছৰেপৰা সুদীৰ্ঘ দুমাহৰো অধিক কাল শয্যাশায়ী হৈ থকাৰ অন্তত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে৷