ডিজিটেল ডেস্কঃ ডেৰা ৰাম ৰহিমৰ কাৰদণ্ডৰ ৰায় ঘোষণাৰ পিছতে ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল হাৰিয়ানাত৷ হিংসাত্মক ঘটনাত ব্যৱসায় প্ৰতিষ্ঠান, তেল ডিপো সহিতে ব্যাপক ক্ষতি হোৱাৰ লগতে ৩৩গৰাকী লোকৰ মৃত্যু হৈছিল৷

হিংসাত্মক ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে হাৰিয়ানা চৰকাৰে৷ এই ঘটনাৰ বাবে ৰাম-ৰহিমৰ তোলনীয়া কন্যা হানীপ্ৰীতক মূল অভিযুক্ত কৰে আৰক্ষীয়ে৷

ইতিমধ্যে পলাতক হানীপ্ৰীতক আটক কৰিবলৈ আৰক্ষীয়ে দেশৰ ভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া দেশ নেপালতো অভিযান চলায় যদিও জালত পেলাব পৰা নাই আৰক্ষীয়ে৷ তাৰ মাজতে হাৰিয়ানা উচ্চ ন্যায়লয়ত হানীপ্ৰীতে জামিন আবেদন দাখিল কৰে৷

উচ্চ ন্যায়লয়ে শুকুৰবাৰে জামিন আবেদন নাকচ কৰে ৰাম ৰহিমৰ কন্যা হানীপ্ৰীতৰ৷ উচ্চ ন্যায়লয়ে হানীপ্ৰীতক আদালতত হাজিৰ হোৱাৰো কথা কয়৷ হাৰিয়ানাৰ পঞ্চকুলাৰ হিংসাত্মক ঘটনাৰ প্ৰধান অভিযুক্ত হানীপ্ৰীতক ৩০ অক্টোবৰৰ ভিতৰত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে। অন্যথাই পলাতক অপৰাধী ঘোষণা কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে আদালতে৷ উল্লেখ্য যে, পঞ্চকুলাৰ হিংসাত্মক ঘটনাৰ মুঠ অভিযুক্ত হৈছে ৪৩গৰাকী৷