ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিৰ পথাৰখনত বলিউডৰ অভিনেতা-অভিনেত্ৰীসকলৰ পৰা আৰম্ভ কৰি খেলজগতৰ বহুকেইজন খেলুৱৈয়ে নামি পৰা দেখা গৈছে৷ তাৰে ভিতৰত দেশৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটিয়া অন্যতম৷
২০১৩ চনত বাইচুং ভূটিয়াই তৃণমূল কংগ্ৰেছ দলৰ সদস্য হিচাপে যোগদান কৰাৰ পাছত ২০১৪ চনৰ লোকসভা নিৰ্বাচনত দাৰ্জিলিঙৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়াই বিজেপি দলৰ এচএচ আহলুৱালিয়াৰ হাতত প্ৰায় ২ লাখ ভোটত পৰাভূত হৈছিল৷ উল্লেখ্য যে সোমবাৰে তৃণমূল কংগ্ৰেছৰ সদস্য বাইচুং ভূটিয়াই টুইট যোগে দলৰ পৰা পদত্যাগ কৰাৰ কথা জানিবলৈ দিয়ে৷