ডিফুঃ ডিফু চহৰৰ প্ৰসিদ্ধ ৰয় বেকাৰীৰ বন্ধ কৰাৰ দাবীত শুকুৰবাৰে উত্তাল হৈ পৰে ডিফু চহৰ৷ বিগত এমাহ পূৰ্বে ডিফুৰ প্ৰসিদ্ধ ৰয় বেকাৰীৰ পৰা ৰেংমা নগাৰ কাৰ্যসূচীৰ বাবে ক্ৰয় কৰি নিয়া ছেন্দুইস খাই সৰু ল’ৰা-ছোৱালী পৰা আৰম্ভ কৰি বৃদ্ধালৈকে প্ৰায় ৪০ জন লোক অসুস্থ হৈ চিকিৎসাধীন হ’ব লগীয়া হৈছিল৷ কেএছএকে আৰম্ভ কৰি বিভিন্ন দল-সংগঠন আৰু ৰয় বেকাৰীৰ স্বত্বাধিকাৰীৰ মাজত এক চুক্তি সম্পাদিত হৈছিল৷
চুক্তি মৰ্মে ৰয় বেকাৰীৰ খাদ্য খাই আক্ৰান্ত হোৱা সকল অসুস্থ নোহোৱালৈকে আৰু বিষক্ৰিয়া আৰু খাদ্যবস্তুৰ মেডিকেল ৰিপ’ৰ্ট নহালৈকে মেচাৰ্চ ৰয় বেকাৰী খুলিব নোৱাৰিব৷ কিন্তু ৯ নৱেম্বৰত ৰয়বেকাৰী দোকান খন খোলা দেখি সংগঠন কেইটাৰ হৈ আংতং ইংতি কাথাৰে চুক্তি অনুসৰি পুলিছ ৰিপ’ৰ্ট নহাকৈ কেনেকৈ দোকান খোলে বুলি দোকানৰ গৰাকীক প্ৰশ্ন কৰি থকাত ইয়াৰ খবৰ লাভ কৰি ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰাজ ইংতিয়ে দোকানখনত গৈ আংতং ইংতি কাথাৰক নগৰ আৰক্ষী চকীলৈ অনাৰ পিছত সন্ধিয়া মুকলি কৰি দিয়ে৷