তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত সোমবাৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫১ সংখ্যক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰা হয়। গৌজোন ফৌথাৰ(সমন্বয় ক্ষেত্ৰ)ত অনুষ্ঠিত কেন্দ্ৰীয় অধিৱেশনত আজি উদুলি মুদুলি পৰিবেশ।
পুৱা তামুলপুৰ মুহকুমাধিপতি সুজিত বাগলাৰীয়ে মুখ্যদ্বাৰ উন্মোচন কৰা অধিৱেশনত লোকেলোকাৰণ্য হৈ পৰিছে বড়ো যুৱক যুৱতীৰে। এহেজাৰ বৰ্গফুট মাটিকালিত প্ৰদৰ্শনী, গ্ৰন্থমেলা, জনগোষ্ঠীয় বস্ত্ৰমেলা, বাণিজ্য মেলা আৰু বিভিন্ন জনগোষ্ঠীয় খাদ্যমেলা অনুষ্ঠিত হ’ব এই অধিবেশনত।