Home ৰাজ্যযোৱা ৫ মাহত এদিনো স্কুল পৰিদৰ্শন কৰিবলৈ যোৱা নাই বাক্সা জিলাৰ CRCC-এ

যোৱা ৫ মাহত এদিনো স্কুল পৰিদৰ্শন কৰিবলৈ যোৱা নাই বাক্সা জিলাৰ CRCC-এ

by News Desk
73 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহীয়ে সময়ে সময়ে শিক্ষা বিভাগৰ পৰিৱৰ্তনৰ কথা কৈ আহিছে যদিও সেয়া কেৱল ফুটুকাৰ ফেনহে মাথোন৷ কিয়নো ৰাজ্য চৰকাৰৰ কোনো কথাই নুশুনে একাংশ শিক্ষাবিভাগৰ শিক্ষক-কৰ্মচাৰীয়ে৷ শিক্ষা বিভাগে গ্ৰাম্য এলেকাৰ শিক্ষাৰ উন্নয়নৰ বাবে চিআৰচিচিসকলক বিভিন্ন ব্যৱস্থা প্ৰদান কৰি বিদ্যালয়সমূহ পৰিদৰ্শন কৰি লাভ কৰা তথ্য চৰকাৰক প্ৰেৰণ কৰাৰ নিৰ্দেশ জাৰি কৰে৷ যাৰ দ্বাৰা পাঠদানত গাফিলতি শিক্ষকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়৷

সৰ্বশিক্ষা অভিযানৰ কাহিলীপাৰাস্থিত কাৰ্যালয়ে প্ৰেৰণ কৰা পত্ৰ ফাদিল হোৱাত ৰাজ্যৰ বহুকেইখন জিলাৰ লগতে বিটিএডিৰ চাৰিখন জিলাৰ শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়ে৷ পত্ৰখনত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ পৰিদৰ্শনৰ দায়িত্বত থকা একাংশ চিআৰচিচিয়ে দায়িত্ব পালনত গাফিলতি কৰাৰ কথা পোহৰলৈ আহিছে। চিআৰচিচিসকলে মাহত এবাৰকৈ হ’লেও প্ৰতিখন বিদ্যালয় পৰিদৰ্শন কৰি তাৰ চিন স্বৰূপে উপস্থিতিৰ তথ্য তেওঁলোকক চৰকাৰে দিয়া টেবলেটৰ জৰিয়তে অনলাইন পোৰ্টেলত আপলোড কৰিব লাগে যদিও সেই নিয়ম পালন নকৰাৰ অভিযোগ উত্থাপন হৈছে পত্ৰ খনত৷ পত্ৰখনে উদঙাই দিছে তেওঁলোকে কৰ্তব্যত কৰি অহা গাফিলতিৰ কথা।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0