গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ প্ৰেছ ক্লাৱৰ আতিথ্যত বাগসা জিলাৰ সাংবাদিক সন্থাৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশনখনি অহা ২০ আৰু ২১ মে’ত দুদিনীয়া কাৰ্যসূচীৰে গোৰেশ্বৰত অনুষ্ঠিত হ’ব। কাৰ্যসূচী মৰ্মে ২০ মে’ত পুৱা ৯ বজাত গোৰেশ্বৰ প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰিব ক্লাৱৰ সভাপতি অৰবিন্দ ডেকাই।
৯.৩০ বজাত স্মৃতি তৰ্পণ কৰিব গোৰেশ্বৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ নৱ কুমাৰ চক্ৰৱৰ্ত্তীয়ে। দহ বজাত বৃক্ষৰোপন কৰিব চি আৰ পি এফ কেম্প গোৰেশ্বৰৰ ইন্সপেক্টৰ প্ৰশান্ত সিংহ, সমাজসেৱক ৰামানন্দ চৌধুৰী, অৱসৰপ্রাপ্ত শিক্ষক খবিৰুদ্দিন আলী আহমেদ আৰু বিশিষ্ট ব্যৱসায়ী হেমেন ভাগৱতীয়ে।