58
বাক্সাঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত তথা নাগ্ৰীজুলি আৰক্ষী চকীৰ ১ নং দোঙাৰগাঁওত বুধবাৰে নিশা বন্য হস্তীৰ আক্ৰমণত এজন চাৰি বছৰীয়া কন্যা শিশুৰ মৃত্যু ঘটে।
মৃত্যু হোৱা শিশু গৰাকী হৈছে ৰঞ্জিত পাঠকৰ কন্যা মল্লিকা পাঠক। অঞ্চলটোত দীৰ্ঘদিনে চলি অহা হাতীৰ উপদ্ৰৱে এতিয়া অঞ্চলবাসীৰ নিদ্ৰা হৰণ কৰাৰ লগতে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। বনাঞ্চলৰপৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত দৈনিক সীমান্তৱৰ্তী গাঁৱত এতিয়া বন্য হস্তীৰ বিচৰণ চলিছে।