গোৰেশ্বৰঃ চৰকাৰৰ ভুল নীতিৰ বলি হৈ এজনৰ পিছত এজন ভেন্সাৰ শিক্ষকে বিনা বেতনে অৱসৰ গ্ৰহণ কৰা, বিনা চিকিৎসাই মৃত্যুবৰণ কৰা নতুবা আত্মহত্যা কৰা আদি হৃদয়বিদাৰক ঘটনা ঘটিয়েই আছে। শিক্ষকতা দৰে মহান বৃত্তিত ওৰেটো জীৱন জৰিত থাকি ছাত্ৰ- ছাত্ৰীৰ জীৱন গঢ়ি নিজৰ জীৱন অন্ধকাৰচ্ছন্ন কৰা আন এজন ভেন্সাৰ শিক্ষকে আজি বিদায় ল’লে চাকৰি জীৱনৰ পৰা। বাগচা জিলাৰ গোৰেশ্বৰ অঞ্চলৰ উত্তৰ কামৰূপ আদৰ্শ হাইস্কুল প্ৰধান শিক্ষক ৰমেন্দ্ৰ চন্দ্ৰ সৰকাৰ।
১৯৮৭ চনৰ পৰা সুদীৰ্ঘ ২৯ বছৰ শিক্ষকতা কৰাৰ পিছত যোৱা ৩১ অক্টাবৰত চাকৰি জীৱনৰ ওৰ পৰে ৰমেন্দ্ৰ নাথ চৰকাৰৰ। আজি ৩০ নবেম্বৰত আনুষ্ঠানিকভাৱে প্ৰধান শিক্ষকগৰাকীক বিদায় সম্ভাষণ জনোৱা হয়।