গোৰেশ্বৰঃ “একাংশ সাংবাদিকে প্ৰেছ কাৰ্ডখনক এটিএম কাৰ্ডৰ দৰে ব্যৱহাৰ কৰে। সংবাদসেৱাৰ নামত একাংশই এই বৃত্তিটোক কুলষিত কৰিছে।”-এই মন্তব্য বিশিষ্ট সাংবাদিক, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ।
দেওবাৰে বাগসা জিলাৰ গোৰেশ্বৰত অনুষ্ঠিত বাগসা জিলা সাংবাদিক সন্থাৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে কয় শইকীয়াই। সাংবাদিকসকল বিভিন্ন সন্থাৰ নামত বিভক্ত হৈ থকাতো তেওঁ আক্ষেপ প্ৰকাশ কৰে। ভাগ ভাগ হৈ থকাতকৈ সকলোৱে একগোট হৈ সাংবাদিকৰ সমস্যা সমাধানৰ দিশত গুৰুত্ব দিব লাগে বুলিও মন্তব্য আগবঢ়ায় শইকীয়াই।