তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ মাজ মজিয়াত মটঙা নদীৰ পাৰত থকা ইউ পি পি এলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত ১০ এপ্ৰিল বুধবাৰে নিশা প্ৰায় ১০-৪০ বজাত কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নি সংযোগ কৰা ঘটনাই তামুলপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
তামুলপুৰ মটঙা চ’কত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে তামুলপুৰৰ মটঙা নদীৰ পাৰত এটি কাৰ্য্যালয় স্থাপন কৰা হৈছিল কেইদিনমান পূৰ্বে। কিন্তু বুধবাৰে নিশা স্থানীয় যুৱকে কাৰ্যালয়ত জুই লগা দেখা পাই ইউ পি পি এলৰ তামুলপুৰ ব্লকৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ মুখ্য আহ্বাক জিতেন মোছাহাৰীক খবৰ দিয়ে। লগে লগে জিতেন মোছাহাৰী আৰু অন্যান্য দলীয় কৰ্মীসকল কাৰ্যালয়টোত উপস্থিত হয় আৰু তামুলপুৰ আৰক্ষীক খবৰ দিয়ে।