Home ৰাজ্যখনামুখ-বালিপাৰাত ‍১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

খনামুখ-বালিপাৰাত ‍১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

by News Desk
124 views
A+A-
Reset

তেজপুৰ টাউনঃ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ আমচাং অভয়াৰণ্যৰ পৰা থলুৱা অসমীয়াক অমানবীয় ভাবে উচ্ছেদ কৰাৰ প্ৰতিবাদত জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা বন্ধৰ ব্যাপক প্ৰভাৱ পৰে শোনিতপুৰৰ খনামুখত আৰু বালিপাৰাত৷ ১৯ সংগঠনৰ সমন্বয়ৰক্ষী সমিতিয়ে আমচাং অভয়াৰণ্যৰ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবীত বুধবাৰে পুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনায়৷

শোনিতপুৰৰ খনামুখত আৰু বালিপাৰাত পুৱাৰে পৰা যান-বাহনৰ চলাচল বন্ধ খকাৰ লগতে শিক্ষানুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বিত্তীয় প্ৰতিষ্ঠান আদি বন্ধ থকা দেখা যায়৷ আনহাতে বালিপৰা আৰু খনামুখতো ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বন্ধৰ সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বালিপাৰাৰ ১৫নং ৰাষ্টীয় ঘাই পথত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কপাই তোলে। আমচাঙৰ খিলঞ্জীয়া জনজাতিসকলৰ বিৰুদ্ধে চলি থকা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0