কামপুৰঃ উজনি-নামনি-বৰাক উপত্যকাৰ বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিব পাৰিছেনে৷ আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত হাতী-গঁড় হত্যা হৈ থকাৰ লগতে সেউজীয়া পাহাৰ, নৈৰ বালি কাটি আজিও ব্যৱসায় চলাই গৈছে একাংশ লোকে৷
ৰাজ্যৰ অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰ জোঁটৰ চৰকাৰে যেন অবৈধ বালিৰ ব্যৱসায় তথা বনজ সম্পদ ধ্বংস কৰিবলৈহে কঁকালত টঙালি বান্ধিছে৷ নদীৰ গৰাখহনীয়া সমস্যা, বানপানীৰ সমস্যা আদি জলন্ত সমস্যাসমূহ চৰকাৰে প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ বিপৰীতে একাংশ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে দুৰ্নীতি কাৰ্যত লিপ্ত হোৱাহে পৰিলক্ষিত হৈছে৷