নলবাৰীঃ নলবাৰী জিলাৰ পূৱ দিশৰ ঐতিহ্য মণ্ডিত বালিলেছা দেৱালয়ৰ এখন আঁচনিৰ আধাৰশিলাক লৈ দেৱালয় সমিতিয়ে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা আৰু বিজেপিৰ যুৱ নেতা নিতুল ডেকাৰ বিৰুদ্ধে এক গভীৰ অভিযোগে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে দেৱালয় পৰিচালনা সমিতিৰ সভাপতি অজিত মহন্ত, কাৰ্যকৰী সভাপতি তৰুণ সেন ডেকা, স্থানীয় ব্যক্তি সুশিল কুমাৰ দাস সহ এটা মহলে লগ হৈ নলবাৰীত এখন সংবাদ মেলত বিধায়ক আৰু বিজেপি নেতা গৰাকীৰ বিৰুদ্ধে মন্তব্য দি বৃহত্তৰ বালিলেছাবাসীক লজ্জিত কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।