বালিপৰাঃ চৰকাৰ আহে চৰকাৰ যায় কিন্তু দৰিদ্ৰ লোকৰ অৱস্থা হলে কেতিয়াও উন্নত নহয়৷ দেশৰ চৰকাৰে দৰিদ্ৰৰ উন্নয়নৰ বাবে কোটি কোটি টকা খৰচ কৰে যদিও সেয়া দৰিদ্ৰ পৰিয়াললৈ আহি নাপায়৷ একাংশ মন্ত্ৰী, বিধায়ক আমোলাই দৰিদ্ৰৰ ধন লুটি-পুটি খাই নোদোকা হয়৷ বিশেষকৈ আমাৰ ৰাজ্য খনত এনে কিছুমান পৰিয়াল আছে যাৰ থাকিবলৈ ঘৰ নাই৷
এটুপি বিশুদ্ধ পানী এসাজ ভাত, বস্ত্ৰৰ বাবে আজিও হাহাকাৰ কৰিব লগা হয়৷ আজি আনৰ ভূমিত লৰা-ছোৱালীৰ সৈতে জংঘলীৰ দৰে বাস কৰিব লগা হয়৷ তেনেই বহু পৰিয়াল আছে শক্তিমন্ত্ৰী পল্লৱলোচন দাসৰ ৰঙাপৰা সমষ্টিৰ বালিপৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বামগাঁৱত। যিবোৰ দৃশ্য দেখিলে চকুলো নিগৰে মানুহৰ৷ কিন্তু তাৰ মাজৰ এটা পৰিয়ালৰ যিটো জুপুৰিত বাস কৰে চকুৰে দেখিলে বিশ্বাস কৰিব নোৱাৰি তাত যে মানুহ থাকে৷