41
শোণিতপুৰঃ শোণিতপুৰৰ বালিপৰাত জৰাসৰ নৈৰ বাঢ়নি পানীত জলমগ্ন হস বিস্তীৰ্ণ অঞ্চল। উল্লেখযোগ্য যে যোৱা নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা জৰাসৰ নৈৰ পানীয়ে পুৱাৰে পৰা বালিপৰাৰ বিভিন্ন অঞ্চল বুৰাই পেলায়৷
বালিপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পানী সোমোৱাৰ ফলত স্বাস্থ্যকেন্দ্ৰতোত থকা ৰোগী সকলৰ মাজত হাহাঁকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ৰোগীসকলক পথতে বাহন ৰাখি অনা নিয়া কৰিবলগীয়াত পৰিছে৷