55
তেজপুৰঃ জম্মু কাশ্মীৰত সন্ত্রাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা ভাৰতীয় বীৰ জোৱান সকলৰ প্ৰতি সমগ্ৰ দেশে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সময়তে এনে হিংসাত্মক কাৰ্য্যৰ তীব্ৰ বিৰোধীতা কৰি শনিবাৰে বালিপৰাৰ যুৱকসকলে এক প্ৰতিবাদী বাইক ৰেলি উলিয়ায়৷
বালিপৰা কেন্দ্ৰস্থলৰপৰা কেইবা শতাধিক যুৱকে জাতীয় পতাকা লৈ ভাৰত মাতা কি জয়, পাকিস্তান মূৰ্দাবাদ, সন্ত্রাসবাদ নিপাত যাওঁক, বন্দে মাতৰম, আদি শ্ল’গান দি সমগ্ৰ অঞ্চল পৰিভ্ৰমনেৰে উত্তাল কৰি তোলে৷