টিংখাংঃ ৰাজ্য চৰকাৰৰ উন্নয়নৰ মন্ত্ৰই ঢুকি নাপায় বহু অঞ্চল৷ ডিব্ৰুগড় জিলাৰ ১১৯ নং টিংখাং বিধান সভা সমষ্টিতো তাৰেই ৰূপ প্ৰতিফলন ঘটে৷ সমষ্টিটোৰ চাৰেংপথাৰ-শুকানী, শল’গুৰি সংযোগী পথৰ ডিকচাম নৈৰ ওপৰৰ থকা ধলং-পলং বাঁহৰ দলং খনে সুদীৰ্ঘকালে অঞ্চলবাসীক যমৰ যান্ত্ৰণা ভুগাই আহিছে।
উন্নয়নৰ ঢাক-ঢোল বজোৱা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনৰ উন্নয়নৰ নমুনা উদঙাই এতিয়াও বাঁহৰ দলঙেৰে চলি আছে যাতায়ত ব্যৱস্থা৷ বাৰিষা আহিলেই ডিকাচাম নৈৰ বাঢ়নী পানীয়ে দলংখন উটুৱাই লৈ যোৱাৰ ফলত যাতায়ত ব্যহত হৈ পৰে৷ কৃষি আৰু হাজিৰা কৰি কোনোমতে চলি থকা অঞ্চলটোৰ ৰাইজে খৰালি পৰিলে পুনৰ গাঁঠিৰ ধন খৰচ কৰি দলংখন মেৰামতি কৰে৷