65
কামপুৰঃ দেশ স্বাধীন হোৱাৰ সাতটা দশক পাৰ হ’বৰ হ’ল যদিও আজিও ২৫খন গাঁৱৰ ৰাইজে মৰণক শৰণ কৰি বাঁহৰ দলঙৰে আহ-যাহ কৰিবলগীয়া হৈ আহিছে।
বহিঃ জগতৰ সৈতে যোগাযোগৰ একমাত্ৰ সম্বল ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মিত বাহৰ দলংখন বানপানীত উটি যোৱাত মূৰে-কপালে হাত দিছে ৰাইজে৷ ৰহা বিধান সভা সমষ্টিৰ শিঙিমাৰী ঘাটত বৰপানী নদীৰ পানীয়ে উটুৱাই নিয়ে বাঁহৰ দলংখন।